﻿বিলা.
3.
যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই। 
তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে। 
নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে; ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়। 
তেওঁ মোৰ মাংস আৰু ছাল জীৰ্ণ কৰিলে; তেওঁ মোৰ হাড়বোৰ ভাঙিলে। 
তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে। 
বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে। 
মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে। 
যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে। 
তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা। 
মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে। 
তেওঁ মোৰ বাট আওবাট কৰিলে। তেওঁ মোক চকুলোৰে পৃথক কৰিলে, আৰু মোক অনাথ কৰিলে। 
তেওঁ নিজৰ ধনু ভিৰাই ল’লে আৰু মোলৈ লক্ষ্য কৰি কাঁড় মাৰিলে। 
তেওঁ নিজৰ তূণৰ বাণ মোৰ মৰ্ম্মস্থানত সুমুৱালে। 
মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওঁলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ। 
তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে। 
খোৱা বস্তুত মিহলি হোৱা শিল গুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে; তেওঁ মোক ছাঁইলৈ ঠেলি পঠিয়ালে। 
তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা; মই মঙ্গল পাহৰিলোঁ। 
গতিকে মই ক’লো, “মোৰ জাকজমকতা শেষ হৈ গ’ল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!” 
মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ। 
মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে। 
কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে। 
আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই! 
তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ! 
মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম। 
যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়। 
যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল। 
যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়। 
তেওঁ তাৰ ওপৰত যুৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক। 
সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে। 
সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক, 
যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব! 
যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব। 
কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে। 
পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুড়ি কৰা, 
সৰ্ব্বোপৰি জনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা, 
আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে? 
প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়? 
সৰ্ব্বোপৰি জনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়? 
জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে? 
আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোঁহক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক। 
স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক। 
“আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা। 
তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা। 
তুমি নিজকে মেঘে সৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে। 
তুমি আমাক লোক সমূহৰ মাজত পৰিত্যক্ত আৰু অস্বীকাৰ কৰিলা। 
আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে। 
সেই গাতৰ ভয়, নিৰ্জনতা আৰু নিষ্পেষণ, আমালৈ একেলগে আহিছে।” 
মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে। 
মোৰ চকুৰ পানী নিগৰে, আৰু ই ক্ষান্ত নহয় আৰু শেষ নোহোৱাকৈ নিগৰে; 
যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে। 
মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে। 
শত্ৰুবোৰে বিনাকাৰণত পক্ষী চিকাৰ কৰাৰ দৰে, মোক নিৰ্দয়ভাবে চিকাৰ কৰিলে। 
তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল। 
মোৰ মূৰৰ ওপৰেদি পানী বৈ গ’ল; মই কলোঁ যে, “মই উচ্ছন্ন হলোঁ!” 
হে যিহোৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ললোঁ। 
যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা। 
তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!” 
হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা। 
হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা। 
তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা। 
হে যিহোৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা। 
তুমি মোৰ অহিতে উঠাবোৰৰ ওঁঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা। 
তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়। 
হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া। 
তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক। 
তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা। 
