﻿হিতো.
7.
হে মোৰ পুত্র, মোৰ বাক্য পালন কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ হৃদয়ত সংগ্রহ কৰা। 
মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা; তোমাৰ চকুৰ মণিৰ দৰে মোৰ নিৰ্দেশ মানি চলা। 
সেইবোৰ তোমাৰ আঙুলিত বান্ধা, আৰু তোমাৰ হৃদয় ফলিত লিখি ৰাখা। 
প্রজ্ঞাক কোৱা, “তুমি মোৰ ভনী,” আৰু সুবিবেচনাক কোৱা তুমি মোৰ আত্মীয়। 
প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা। 
মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ। 
আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ। 
সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল- 
সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত। 
আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল। 
তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, তাইৰ ভৰি ঘৰত নাথাকে। 
তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, তাই প্রতিটো চকতে বাট চাই থাকে। 
সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে, 
“মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ; 
সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ। 
মই মোৰ বিচনা মিচৰৰ পৰা অনা ৰঙীণ কাপোৰেৰে ঢাকিলোঁ। 
মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ। 
আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। আহাঁ আমি বেলেগ ধৰণে প্রেম উপভোগ কৰোঁ। 
মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্রাত গৈছে। 
তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।” 
তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে। 
তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল। 
যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল। 
আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া। 
তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা। 
তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি। 
তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ। 
