﻿গীত.
137.
যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল, তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ। 
সেই ঠাইৰ মাজত থকা বাইচি গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ। 
কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল, সেই উপদ্রৱকাৰীবোৰে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল; তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।” 
আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম? 
হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁ হাতৰ দক্ষতা যেন নিজে অকামিলা হৈ যায়। 
যদি মই তোমাক সোঁৱৰণ নকৰোঁ, যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো, তেতিয়া মোৰ জিভা তালুত লাগি ধৰক। 
হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।” 
হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা, ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব। 
ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব। 
