﻿গীত.
122.
মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে, “ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।” 
হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ। 
সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে। 
সকলো ফৈদ সেই ঠাইলৈ উঠি যায়, তেওঁলোক যিহোৱাৰ লোকসকলৰ ফৈদ; তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়। 
কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে। 
তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক। 
তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক, আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।” 
মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।” 
আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰি প্ৰার্থনা কৰিম। 
