﻿গীত.
117.
হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা; হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা। 
কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম, যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। 
