﻿গীত.
111.
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম; ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম। 
যিহোৱাৰ কাৰ্যবোৰ মহৎ; যিসকল তাত আনন্দিত হয়, তেওঁলোকে সেইবোৰ ধ্যান কৰে। 
তেওঁৰ কাৰ্য গৌৰৱ আৰু মহিমাৰে পৰিপূর্ণ; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। 
তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে; যিহোৱা কৃপাময় আৰু দয়ালু। 
তেওঁৰ ভক্তসকলক তেওঁ আহাৰ যোগায়; নিজে স্থাপন কৰা নিয়মটি তেওঁ চিৰকাললৈকে সোঁৱৰণ কৰিব। 
অন্যান্য জাতিবোৰৰ আধিপত্য নিজৰ লোকসকলক দি তেওঁ নিজৰ কাৰ্যৰ শক্তি তেওঁলোকক দেখুৱালে। 
তেওঁৰ হাতৰ কাৰ্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ; তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য। 
সেইবোৰ অনন্ত কাললৈকে অলৰ; সেইবোৰ বিশ্ৱস্ততা আৰু সততাৰে সৈতে স্থাপন কৰা হৈছে। 
নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে; তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে; তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ। 
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ; যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়; তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে। 
