﻿গীত.
82.
ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে। 
“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা) 
তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। 
দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।” 
তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে। 
মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান। 
কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।” 
হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে। 
