﻿গীত.
76.
যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান। 
চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে। 
তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। চেলা 
তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা। 
এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল। 
হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল। 
তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে? 
তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়; পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল। 
হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। চেলা 
অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা। 
তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। 
তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব। 
