﻿গীত.
67.
হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক। 
গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়। 
হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক। 
জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। চেলা 
হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক। 
পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব। 
ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব। 
