﻿ইয়ো.
31.
মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ? 
কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি? আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি? 
সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ, আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়? 
তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে? 
মই যদি মিছাত চলিলোঁ, আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে, 
(ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে, মোক ঠিক তৰ্জুত জোখক;) 
মই যদি অবাটে খোজ চলালোঁ, মোৰ মন যদি চকুৰ পাছে পাছে চলিল, আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে, 
তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক। 
মই যদি পৰৰ তিৰোতাত মোহ গলোঁ, আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ, 
তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক, আৰু অন্য লোকে তাইক ভোগ কৰক। 
কিয়নো সেয়ে গৰ্হিত কাৰ্য, আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ; 
কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি; সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন। 
মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ, 
তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম? 
মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই? আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই? 
মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ, 
যদি বা মোৰ খোৱা মুঠি অকলেই খালো, আৰু পিতৃহীন ল’ৰাই তাৰ অলপো খাবলৈ নাপালে, 
(এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়, আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক;) 
যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ, বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ, 
তাৰ ককালে যদি মোক আশীৰ্ব্বাদ নকৰালে, আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফল নাপালে, 
আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি, যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোঁ, 
তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক, আৰু মোৰ বাহু হাড়ডালৰ পৰা ভাগি পৰক। 
কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ, 
মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ, 
মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ, 
মই সুৰ্য্যক দীপ্তি দিয়া, বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি, 
যদি মোৰ মন গুপুতে মোহ গল, আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে, 
তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন; কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন। 
মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ, আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোঁ, 
(এনে নহয়, তাক মৰাবলৈ শাও দিয়াৰ দ্বাৰা মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই;) 
তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই, 
(বিদেশীয়ে বাটত ৰাতি কটোৱা নাই, কিন্তু মই পৰ্থিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ,) 
মই অনেক লোক সমূহক ভয় কৰাৰ, আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশঙ্কা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ, 
নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি, যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলোঁ,- 
অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল! চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক; অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল! 
অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন, আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন, 
তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন, আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন। 
মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞঁৰ মাৰে, আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে, 
মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ, বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ, 
তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট, আৰু যৱৰ সলনি বন গজক। ইয়োবৰ বাক্য সমাপ্ত। 
