﻿ইয়ো.
24.
সৰ্ব্বশক্তিমান জনাৰ দ্বাৰাই কিয় সময় নিৰূপিত নহয়? তেওঁক জনালোকে কিয় তেওঁৰ দিন দেখিবলৈ নাপায়? 
কোনো কোনোৱে মাটিৰ সীমাৰ চিন লৰায়, আৰু মেৰৰ জাকক বলেৰে লৈ চৰায়। 
সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়। 
সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়। 
চোৱা, কোনোৱে অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ, নিজৰ আহাৰ যত্নেৰে বিচাৰা কামলৈ ওলাই যায়; অৰণ্যে সিহঁতৰ সন্তানসকলৰ নিমিত্তে সিহঁতক আহাৰ দিয়ে। 
সিহঁতে খাবৰ নিমিত্তে পথাৰত পহুৰ যোগ্য শস্য কাটে; আৰু দুৰ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি চপায়। 
সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই। 
সিহঁতে পৰ্ব্বতৰ বৰষুণত তিতে, আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আঁকোৱাল মাৰি ধৰে। 
কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়, আৰু দুখীয়াৰ পৰা বন্ধক লয়। 
তাতে সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ফুৰে, আৰু ভোকতে থাকি ডাঙৰি কঢ়িয়ায়। 
সিহঁতে সেই দুষ্টবোৰৰ বেৰৰ ওচৰত তেল পেৰে, আৰু দ্ৰাক্ষাশালত দ্ৰাক্ষাগুটি গচকি পিয়াহত আতুৰ হৈ থাকে। 
জনপূৰ্ণ নগৰৰ মাজত লোকবিলাকে কেঁকাই, আৰু সাংঘাতিকৰূপে আঘাত পোৱালোকৰ প্ৰাণে চিঞৰে; তথাপি ঈশ্বৰে এই অন্যায়লৈ মন নিদিয়ে। 
আৰু কোনোৱে পোহৰৰ বিদ্ৰোহী হয়, তাৰ আওভাও নাজানে, আৰু তাৰ পথতো নচলে। 
নৰবধীয়ে দোকমোকালিতে উঠে; সি দুখী-দৰিদ্ৰক মাৰি পেলাই; আৰু ৰাতি সি চোৰৰ নিচিনা হয়। 
কাৰো চকুৱে মোক নেদেখিব, এইবুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধিয়া কাললৈ বাট চাই থাকে; সি কয়, ‘কোনোৱে চকুৰে মোক দেখা নাই”। সি নিজৰ মুখ ঢাকি ৰাখে। 
কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে; সিহঁতে দিনত দুৱাৰ বন্ধ কৰি সোমাই থাকে; পোহৰ কি, সিহঁতে নাজানে। 
কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ; কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানক কথা জানে। 
এনে লোক পানীৰ সোঁতত বেগেৰে উটি যায়; সিহঁতৰ আধিপত্যৰ ভাগ দেশত অভিশপ্ত হয়; সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰায়। 
অনাবৃষ্টি আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই নিয়ে, তেনেকৈ চিয়োলে পাপীবোৰক গ্ৰাস কৰে। 
যিজনে সন্তান নোপজোৱা বাঁজী তিৰোতাক লুটে, আৰু বিধবালৈ কোনো অনুগ্ৰহ নকৰে, 
এনে লোকক মাতৃ-গৰ্ভেও পাহৰে, পোকে তাক সন্তোষেৰে খায়; কোনেও তাক সোঁৱৰণ নকৰে; এইদৰে অধাৰ্মিকতা গছৰ নিচিনাকৈ ভাগি যায়। 
তেওঁ নিজ পৰাক্ৰমৰ দ্বাৰাই বলৱন্তসকলৰ আয়ুস দীঘল কৰে; এনেকুৱা লোকে নিজীম বুলি নিৰাশ হৈয়ো শয্যাৰ পৰা উঠে। 
তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে; আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে। 
সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়; এনে কি, সিহঁতক নত কৰি, আন সকলোৰ দৰে নিয়া হয়, আৰু ধানৰ থোকৰ দৰে কটা হয়। 
এনেকুৱা যদি নহয়, তেন্তে কোনে মোক মিছলীয়া বুলি প্ৰমাণ কৰিব? আৰু কোনে মোৰ বাক্য অসাৰ্থক বুলি ক’ব?” 
