﻿যাত্ৰা.
39.
তেওঁলোকে, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে, পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবৰ বাবে নিপুণৰূপে বোৱা মিহি বস্ত্ৰ, আৰু হাৰোণৰ বাবে পবিত্ৰ বস্ত্ৰ যুগুত কৰিলে। 
তেওঁ সোণ, আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এফোদ বস্ত্ৰখন যুগুত কৰিলে। 
তেওঁলোকে সোণ পিটি পতা কৰি, কাটি মিহি গুনা তৈয়াৰ কৰি নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰ কাপোৰত নিপুণ শিল্পকাৰ্য্যৰ দ্বাৰাই কাম কৰালে। 
তেওঁলোকে ওপৰৰ দুয়োফালে এফোদৰ কান্ধত লগাবলৈ স্কন্ধপটি যুগুত কৰিলে। 
এফোদৰ কঁকালত বান্ধিবৰ বাবে তাৰ লগত নিপুণৰূপে বোৱা কাপোৰৰ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে টঙালি প্রস্তুত কৰিলে। যিহোৱাই মোচিক আজ্ঞা কৰাৰ দৰে তেওঁলোকে সেই সকলো কৰিলে। 
তেওঁলোকে মোহৰ কটাৰ দৰে কটা, ইস্ৰায়েলৰ বাৰজন পুত্ৰৰ নাম থকা, সোণত খটোৱাবলৈ গোমেদ পাথৰ যুগুত কৰিলে। 
সেয়ে ইস্ৰায়েলৰ পুত্ৰসকলৰ সোঁৱৰণীয় পাথৰ স্বৰূপে তাক এফোদৰ স্কন্ধপটিৰ ওপৰত লগালে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই কৰিলে। 
এফোদ তৈয়াৰ কৰাৰ দৰে, তেওঁ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে নিপুণ শিল্পকাৰ্যেৰে বুকুপটা যুগুত কৰিলে। 
এই বুকুপটা চাৰিচুকীয়া আছিল। তেওঁলোকে বুকুপটাটো দুতৰপ কৰিলে; সেয়ে দীঘে এবেগেত, বহলে এবেগেত আছিল। 
তেওঁলোকে তাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱালে। প্ৰথম শাৰীত ৰুবী, পীতমণি, আৰু মৰকত; 
দ্বিতীয় শাৰীত পদ্মৰাগ, নীলকান্ত, আৰু হীৰা; 
তৃতীয় শাৰীত পেৰোজ, যিষ্ম, আৰু কটাহেলা; 
আৰু চতুৰ্থ শাৰীত বৈদূৰ্য্য, গোমেদক আৰু সূৰ্যকান্ত আছিল; এই সকলো পাথৰ সোণত খটোৱা হ’ল। 
এই পাথৰ ইস্ৰায়েলৰ বাৰজন পুত্রৰ নাম অনুসাৰে, একাদিক্রমে ডাঙৰৰ পৰা সৰুলৈকে লিখা হ’ল; মোহৰৎ খোদিত কৰা দৰে প্ৰত্যেক পাথৰত বাৰ ফৈদৰ বাবে এজন এজন পুত্ৰৰ নাম ক্ষুদিত কৰা হ’ল। 
তেওঁলোকে ৰছীৰ দৰে পকোৱা মালাৰ নিচিনা দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বুকুপটাত লগাই দিলে। 
তেওঁলোকে সোণৰ দুটা আঙঠি তৈয়াৰ কৰি, বুকুপটাৰ দুই মূৰত সেই আঙঠি দুটা লগালে। 
মালাৰ দৰে গঁথা সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই মুৰত থকা আঙঠি দুটাত লগালে। 
মালাৰ দৰে গঁথা শিকলি দুডালৰ দুই মূৰ সোণৰ খাপ দুটাত লগালে, এফোদৰ আগফালে স্কন্ধপটি দুটাৰ ওপৰত লগালে। 
সোণৰ দুটা আঙঠি গঢ়াই, বুকুপটাৰ দুই মূৰত এফোদৰ সন্মুখত থকা ভিতৰৰ দাঁতিত লগালে। 
তাৰ পাছত আৰু দুটা আঙঠি গঢ়াই, এফোদৰ স্কন্ধপটি দুটাৰ তল ভাগত তাৰ আগফালে, জোৰা দিয়া ঠাইৰ ওচৰত, এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত তাক লগালে। 
বুকুপটা এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত যেন থাকে, আৰু এফোদৰ পৰা যেন এৰাই নাযায়, সেই বাবে তেওঁলোকে নীলা ফিতাৰে বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে। 
বচলেলে এফোদৰ চোলা সিপিনীয়ে বোৱা, সম্পূৰ্ণ বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰ কৰিলে। 
সেই চোলাত মুৰ সুমুৱাবলৈ সোঁ মাজত খোলা আছিল। সেয়ে নাফালিবৰ বাবে, ডিঙিৰ চাৰিওফালটো চিলোৱা হৈছিল। 
তেওঁলোকে সেই চোলাৰ তল দাঁতিত, নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা, আৰু পকোৱা মিহি শণ সূতাৰে ডালিমৰ নক্সা তুলিলে। 
তেওঁলোকে শুদ্ধ সোণৰ জুণুকা গঢ়াই, সেই জুণুকাবোৰ ডালিমৰ মাজে মাজে চোলাৰ তলৰ দাঁতিৰ চাৰিওফালে লগাই দিলে। 
পৰিচৰ্যা কৰোঁতে, পিন্ধিবলৈ চোলাৰ তল দাঁতিত এটা জুণুকা এটা ডালিম, এটা জুণুকা এটা ডালিম এই দৰে চোলাৰ চাৰিওফালে লগাই দিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে। 
তেওঁলোকে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বাবে মিহি শণ সূতাৰে কোট চোলা প্রস্তুত কৰিলে। 
মিহি শণ সূতাৰ পাগুৰি, পকোৱা মিহি শণ সূতাৰে কপালত বন্ধা কাপোৰ, মিহি শণ সূতাৰে গুপ্তাঙ্গ ঢাকিবলৈ কাপোৰ প্রস্তত কৰিলে। 
পকোৱা মিহি শণ সূতা আৰু নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতাৰে, শিল্পকাৰে ফুল বছা টঙালি যুগুত কৰিলে। 
যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে শুদ্ধ সোণৰ পবিত্ৰ মুকুট যুগুত কৰিলে, আৰু মোহৰত খোদিতকৰাৰ দৰে তাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ”, এই বচন ক্ষুদিত কৰিলে। 
তেওঁলোকে পাগুৰিৰ ওপৰত মুকুট বান্ধিবলৈ, নীলা বৰণীয়া ফিতা লগালে। 
এই দৰে সাক্ষাৎ কৰা তম্বুৰ আবাসৰ সকলো কাৰ্য কৰি শেষ কৰিলে, যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই ইস্ৰায়েলৰ লোকসকলে সকলো কাৰ্য কৰিলে। 
তেওঁলোকে মোচিৰ ওচৰলৈ সেই আবাস লৈ গ’ল; তম্বু, আৰু তাৰ সকলো সামগ্রী, তাৰ হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী। 
ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালৰ আৱৰণ, তহচ জন্তুৰ ছালৰ আৱৰণ, আৰু আঁৰ কৰি ৰখা পৰ্দা, 
সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু তাৰ কানমাৰি, আৰু পাপাবৰণ। 
মেজ, তাৰ সকলো সঁজুলি, আৰু দৰ্শন-পিঠা; 
শুদ্ধ সোণৰ দীপাধাৰ আৰু শাৰী পাতি ৰখা প্ৰদীপবোৰ, তাৰ সকলো সঁজুলি, আৰু প্ৰদীপৰ বাবে তেল; 
সোণৰ বেদি, অভিষেক কৰা তেল, সুগন্ধি ধূপ, আৰু তম্বুৰ দুৱাৰৰ বাবে পৰ্দা। 
পিতলৰ বেদি তাৰ লগৰ পিতলৰ জালি, তাৰ কানমাৰি, আৰু তাৰ সকলো সঁজুলি। প্ৰক্ষালন-পাত্ৰ, আৰু তাৰ খুৰা। 
চোতালৰ পৰ্দাবোৰ, তাৰ খুঁটা আৰু চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দা, তাৰ ৰছী আৰু তম্বুৰ খুটি, আৰু সাক্ষাৎ কৰা তম্বুৰ বাবে আবাসৰ কাৰ্যৰ সকলো সজুলি। 
পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ নিপুণৰূপে প্রস্তুত কৰা মিহি বস্ত্ৰ, আৰু পুৰোহিত কৰ্ম কৰিবলৈ হাৰোণ পুৰোহিতৰ পবিত্ৰ বস্ত্ৰ, আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ। 
যি যি কৰ্ম কৰিবলৈ যিহোৱাই মোচিক আজ্ঞা কৰিছিল, সেই সকলোকে ইস্ৰায়েলৰ লোকসকলে কৰিলে। 
তাৰ পাছত মোচিয়ে সেই সকলো কাম চোৱা চিতা কৰি সেই কাম সম্পূৰ্ন হোৱা দেখিলে। যিহোৱাৰ আজ্ঞা অনুসাৰেই সকলোকে কৰিলে; সেয়ে মোচিয়ে তেওঁলোকক আশীৰ্ব্বাদ কৰিলে। 
